হেৰোৱা ছন্দৰ সন্ধানত
()
About this ebook
এটি শিশু জন্ম ক্ষনতে অপৰাধী বা হত্যাকাৰী হিচাৱে জন্ম নলয় | সময়, সুযোগ , পৰিবেশ পৰিস্থি তিয়েহে এটি দেৱ শিশুক অপৰাধীৰ ৰূপ দিয়ে | কোনো জন সময়ত দুৰ্দান্ত অপৰাধী ৰূপত দেশৰ দহৰ ঘৃণা কঢ়িয়াই শেষহৈ যায় | কোনো জন আকৌ মৰম ভালপোৱা, বুজা-বুজিৰ মাজেৰে সমাজিক জীৱনলৈ উভতি আহি যাউতি যুগীয়া খ্যাতিৰ অধীকাৰী হয় |
উপন্যাসিকা খনৰ মুল নায়ক নায়িকা তেনে এক পৰিস্থিৰ মাজত পৰি পথভ্ৰস্ত হয় যদিও পিচলৈ জীৱনৰ হেৰোৱা ছন্দ বিছাৰিলৈ সমাজিক জীৱনলৈ উভতি অহাৰ কাহিনী মাত্ৰ |
Ripan kumar Das
Ripon Kumar Das born 5th Jan 1951 at Jorhat city , Assam, India.His father was a renowned body builder .Worked under Govt of Assam as an Inspector of physical training, authored many a books on gymnastics and asanas.Ripon graduated from Guwahati university in1971. Obtained degree in alternative medicine ,from college of alternative medicine Calcutta in1991 .Served Central Govt of India paramilitary department from 1976 to 2008.His first story" Private detective was"published in local news paper অসম বাতৰি।later converted into novelette "Manuh jadihe nohoi manuh"in 1976."Yantra manab" and "Heruwa Chandar Sandhanot" (a series of 3 books) crime novels published by local publisher Readers book stall in1986.Novelette ";krundashi diganta" was published on Guwahati based woman magazine Kangkan in1989.During service he wrote novelette "Pratishruti" ";sainikor diary." "Ashantir uh Bichari " " jogashana and Byam " "Masked gentleman ".and many more.Ripon settled in Guwahati the capital city of Assam on 2008 . He loves his mother tongue very much. During his early childhood he had joined language movement and he still writing without any support from any corner just to spread and keep Assamese language alive.Email address ripankumardas@yahoo.com ,mobile 9811302679 country code 91 and area code 0361.
Read more from Ripan Kumar Das
Jogashana aru Byam Rating: 0 out of 5 stars0 ratingsক্ৰন্দসী দিগন্ত Rating: 0 out of 5 stars0 ratingsপ্ৰতিশ্ৰুতি Rating: 0 out of 5 stars0 ratingsঅশান্তিৰ ওঁহ বিছাৰি Rating: 0 out of 5 stars0 ratings
Related to হেৰোৱা ছন্দৰ সন্ধানত
Reviews for হেৰোৱা ছন্দৰ সন্ধানত
0 ratings0 reviews
Book preview
হেৰোৱা ছন্দৰ সন্ধানত - Ripan kumar Das
হেৰুৱা ছন্দৰ সন্ধানত
ৰীপন কুমাৰ দাস
ৰীপন কুমাৰ দাসৰ দ্বাৰা স্মেছৱৰ্ড ডত কমত প্ৰকাশিত
কপি ৰাইট ২০১৫
লিখকৰ অন্যান্য কিতাপ সমুহ
(১) ক্ৰন্দসী দিগন্ত ( অসমীয়া )
(২) দ্য ঘোষ্টলি ৰিভেঞ্জ ( ইংৰাজী )
: License Note :
This e book is licensed for your personel enjoyment only. This may not be resold or given away to other people. If you would like to share this book with another person, please purchase an additional copy for each recipient. If you are reading this book and did not purchase it, or it was not purchased for your use only, then please return to your favorite e book retailer and purchase your own copy. Thank you for respecting the hard work of the author.
শ্ৰদ্ধাঞ্জলী
৭জুলাই সোমবাৰ ২০১৪ চন (২২ আহাৰ শুক্লা দশমী) ৰাতিপুৱা ৫টা ৩০মি বজাত আমাৰ চিৰ আৰাধ্যা মাতৃদেবী মাৰোৱাৰী হস্পিটাল আৰু ৰিচাৰ্চ চেন্টাৰত পৰলোক প্ৰাপ্তি ঘটে ।মাতৃ ঋণ পৰিশোধ কৰাৰ ধৃষ্টতা মোৰ নাই , সম্ভৱো নহয় । পৰিয়ালৰ জেষ্ঠ পুত্ৰ হিচাবে মোৰ কৰণীয় যথেষ্ট আছিল । পৰিস্থিতিৰ প্ৰতিকুলতা নিজৰ শাৰিৰীক অসুস্থতাৰ বাৱে একোৱেই কৰা নহল । এনেকি মাৰ মৃত্যু শয্যাৰ কাষতো সময়ত উপস্থিত থাকিব নোৱাৰিলো । স্বাভাৱিক ভাৱেই সেইবেদনা পাহৰিব নোৱাৰিম |
আজি তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ পুণ্য তিথিৰ সন্ধিক্ষণত তেখেতৰ বিদেহী আত্মাৰ মূক্তি কামনাৰে বৈদিক কৰ্মফেৰাৰ মাধ্যমত চৰণ কমলতহেৰোৱা ছন্দৰ সন্ধানত
নামক পুষ্পাঞ্জলী অৰ্পন কৰি সপৰিবাৰে প্ৰণিপাত জনালো ।
# ৰীপন কুমাৰ দাস#
লিখকৰ এষাৰ
মূখৰ কথাৰে বা লিখনীৰ মাধ্যমত অন্তৰৰ অনুভূতি প্ৰকাশ কৰা সহজ নহয় । মই ভাষাৰ যাদুকৰো নহয় । স্বাভাৱিকতেই যি উদ্দেশ্যৰে কলম হাতত লৈছো তাত কিমান দূৰ সফল হৈছো কব নোৱাৰো ।
দোষ আৰু গুণৰ সমষ্টিৰেহে মানুহ । এই দুই উপাদানৰ হীন দেৰীৰ মাধ্যমত মানুহ দেৱতাৰ শাৰিলৈ উন্নীত হোৱাৰ বিপৰীতে দানৱৰ শাৰীলৈকো অৱনমিত হোৱাতোও অসম্ভৱ নহয় । এনে ছৰিত্ৰ বোৰৰ প্ৰতি মোৰ আন্তৰিক দূৰ্বলতা আশৈশৱ । পিতৃ মাতৃৰ স্নেহ বঞ্চিত তেনে এক চৰিত্ৰ আধাৰিত এই উপন্যাসিকা খন মোৰ কলেজীয়া জীৱনৰ সৃষ্টি ।
পত্নী অৰুণাৰ উদগনি আৰু দুই পুত্ৰ ৰাহুল ৰুবুলৰ সক্ৰিয় সহযোগৰ বলত আজি তাকেই মা'ৰ পদতলত থবলৈ পাই নিজকে কৃতাৰ্থ মানিছো । উপযুক্ততা থাকিলে সেইয়া আপোনাৰ আশীৰ্বাদ, অন্যহাতে বিফলতাৰ বেদনা মোৰ নিজস্ব|
# ৰীপন কুমাৰ দাস #
হেৰোৱা ছন্দৰ সন্ধানত
মাজ নিশা । প্ৰচন্ড বৰষুন । বতাহৰ সোসোৱনি, বিজুলীৰ সৰ্পিল চিকমিকনি । প্ৰকৃতি যেন তান্ডৱ নৃত্যত মগ্ন । এনে প্ৰতিকুলতাকো নেওচি ৰাষ্ট্ৰীয় পথৰ পশ্চিম কোনত দেখাগল এজোৰ উজ্বল পোহৰৰ ৰেঙনি । দ্ৰুত গতিত আগুৱাই এখন জীপকাৰ । দৃঢ় হাতেৰে ষ্টিয়েৰিং ধৰি তেওঁ যেন গাড়ীখন উৰুৱাই হে নিব বিচাৰে ।তেওঁৰ মুখমন্ডলৰ অভিব্যক্তি,দৃঢ় গ্ৰীৱা পেশীবহুল হাত উন্নত বুকু গভীৰ দৃস্টি সকলোতে পৰিষ্ফুট এক কঠোৰ প্ৰতিজ্ঞাৰ চাপ ।
উল্কাগতিত জীপকাৰ আগুৱাই যায় পিচত পৰিৰয় বৰ্ষনসিক্ত সৰ্পিল আলিবাট ।গতি আৰু গতি। অকস্মাত দুৰন্ত গতিত যতি আহে । দূৰৈত জ্বিলিকি উঠে সৰ্বাঙ্গ সিক্ত নাৰীমূৰ্তি, উৰ্ধবাহু হৈ ঈঙ্গিত দিছে সাহাৰ্য্যৰ বাবে ।আৰোহী যুৱক বিচলিতহৈ উঠে । অজ্ঞাতসাৰে ব্ৰেকপেডেলত চাপ দিয়ে জোৰেৰে আৰু জোৰেৰে । কো ও ও ও . এক কৰ্কশ শব্দকৰি জীপকাৰ ৰৈ যায় । এটা ক্ষীণ পোহৰে গাড়ীৰ ভিতৰখন চেলেকি যায় ।পোহৰকনক বাধা দিয়াৰ ব্যৰ্থ প্ৰয়াস কৰা যুৱকে সহ্ৰদয়তাৰে প্ৰশ্ন কৰে,
য়েচ. . হাউ কেন আই হেল্প য়ু্ . .
মোক অকণমান আগলৈ লৈ যাব পাৰিব নে ?
গাভৰুৰ কন্ঠত ব্যগ্ৰতা নিশ্চয়. .নিশ্চয় . . কিন্তু এই মাজনিশা আৰু . .
অৰ্ধ সমাপ্ত কথাষাৰত সন্দেহৰ চাপ । সন্দেহ হোৱাটো স্বাভাৱিকো মাজনিশা চহৰৰ আধুনিকাৰ আওচেৰিয়া ৰাজ পথত লিফত বিচৰাতো যেন কল্পনাতীত ।
দূখৰ মাজতো যুৱতীৰ মুখত যেন হাহিঁ বিৰিঙে । কিবা এটা কবলৈ বুলি মূখখোলে । হঠাতে ওচৰতে কৰবাত হোৱা বন্দুকৰ শব্দত যূৱতী বিততহৈ খপ জপাই গাড়ীত উঠি বহে । আৰোহী যুৱকক জোকাৰি দি চিঞৰি উঠে,
গাড়ী চলাওক. . প্লিজ . .গাড়ী চলাওক . .
অনিশ্চয়তাৰ দোমোজাৰ মাজতে সি গিয়েৰ সলাই একচিলেটৰত চাপ দিয়ে, গাড়ী আগবাঢ়ে তাৰ নিজ লক্ষ্য অভিমুখে .. এতিয়া কোৱা. . .
সি কোনো পিনে নোচোৱাকৈয়ে প্ৰশ্ন কৰে ।মিছা নকবা নতুবা মই ক্ষমা নকৰিম .